104
খড়গপুৰঃ হাওৰৰপৰা পুৰীলৈ গৈ আছিল ধৌলি এক্সপ্ৰেছ। নাৰায়ণ-পাকুবিয়া-মুৰাইল ষ্টেচনৰ কাষত ৰে’লখনৰ ডি-৩ নং দবাৰপৰা ওলাল এক বিকট শব্দ। কি হৈছে, ক’ৰপৰা শব্দটো ওলাল যাত্ৰীসকলে অনুমান কৰাৰ পূৰ্বেই দেখা গ’ল ট্ৰেইনখনক ধূলিৰ কুঁৱলীয়ে আৱৰি ধৰিছে।
তাৰ পাছত এয়া কি? এটা সৰু ষ্টেচনত ৰৈ থকা যাত্ৰীসকলে প্ৰাণ লৈ দৌৰ মাৰিছে সুৰক্ষিত স্থানলৈ। তেওঁলোকলৈ লক্ষ্য কৰি যেন শিলাবৰ্ষণহে হৈছে!