Home অন্যান্য খবৰবটদ্ৰৱাত শিশু দিৱস উদযাপন

বটদ্ৰৱাত শিশু দিৱস উদযাপন

by News Desk
63 views
A+A-
Reset

বটদ্ৰৱাঃ ভাৰতত শিশুৰ অধিকাৰ কৰ্মী, নবেল বিজয়ী কৈলাস সত্যাৰ্থীয়ে প্ৰতিষ্ঠা কৰা স্বেচ্ছাসেৱী অনুষ্ঠান বচপন বচাও আন্দোলনৰ সহযোগত নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত শিশু দিৱসটি ঐতিহ্যমণ্ডিত বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত উদযাপন কৰা হয়। সেই উপলক্ষে বিদ্যালয়খনিৰ সুন্দৰ পৰিৱেশত অনুষ্ঠিত হয় গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান৷

গীত, নৃত্য, বক্তৃতা, আলোচনা-চক্ৰৰে সজাই তোলা বৰ্ণাঢ্য অনুষ্ঠানটো সঞ্চালনা কৰে নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰনিতা মৰাংঙে ৷ আদৰণি ভাষণ দিয়ে বিদ্যালয়ৰ অধ্যক্ষ অনিল শইকীয়াই৷ আমন্ত্ৰিত অতিথি হিচাপে চমু বক্তব্যত নগাঁও জিলাৰ সহকাৰী আৰক্ষী অধীক্ষক (সী) ৰুনুমী তেৰাংপীয়ে ছাত্ৰ-ছাত্ৰী সকলক পঢ়া-শুনাৰ লগতে এটি চিন্তাশীল মনোভাবেৰে নিজকে গঢ়ি তুলিবলৈ আহ্বান জনোৱাৰ লগতে অভিভাৱকসকলে যাতে নিজৰ ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত হিচাপতকৈ বেছি চাপ সৃষ্টি নকৰে তাৰ বাবে অনুৰোধ জনায়৷
 
সমল ব্যক্তি হিচাপে নগাঁও বাৰ এছ’চিয়েশ্বনৰ  অধিবক্তাদ্বয় পিংকু গোস্বামী আৰু শ্বাহনাজ চুলতানা উপস্থিত থাকি ‘বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ ক্ষেত্ৰত শিশুৰ অধিকাৰ’ তথা ‘শিশুৰ যৌন নিৰ্যাতন প্ৰতিৰোধী আইন’ সন্দৰ্ভত ছাত্র-ছাত্রী সকলক আইনৰ বিভিন্ন ধাৰাৰ লগতে বৰ্তমান সমাজত চলি থকা কিছুমান অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ ওপৰত সাৰুৱা বক্তব্য আগবঢ়ায়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0