Home অন্যান্য খবৰবেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা

বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা

by News Desk
62 views
A+A-
Reset

নগাঁওঃ অাজি দুপৰীয়া বেবেজীয়াৰ ত্ৰিশখন বিছনাযুক্ত চিকিৎসালয়ৰ সন্মুখত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। নগাঁৱৰপৰা গুৱাহাটী অভিমুখী এছ ০২ ই ৭৩৩৬ নম্বৰৰ ট্ৰেভেলাৰ অাৰু গুৱাহাটীৰপৰা নগাঁও অভিমুখী এ এছ ০১ বি পি ৭৮৭৭ নম্বৰৰ অাই ২০ গাড়ীৰ মাজত হোৱা সমুখ সংঘৰ্ষত অাই ২০ গাড়ীখন পথৰপৰা বাগৰি দ খাৱৈত পতিত হয়। জানিব পৰা মতে, বহুকেইজনৰ অৱস্থা সংকটজনক। ইফালে দুৰ্ঘটনা সংঘটিত কৰি ট্ৰেভেলাৰৰ চালকজন পলায়ন কৰে। অাহত সকলক ততাতয়াকৈ নিকটৱৰ্তী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। 

ট্ৰেভেলাৰত অহা যাত্ৰীৰপৰা জানিব পৰা মতে, ট্ৰেভেলাৰৰ চালকে অতিমাত্ৰা বেগত অাহি অাই ২০ ত প্ৰচণ্ড খুন্দা মাৰে অাৰু থিতাতে অাই ২০ গাড়ীখন খাৱৈত ওফৰি পৰে। পুলিছ প্ৰশাসনৰ নীতি-নিয়ম অাংগুষ্ঠ প্ৰদৰ্শন কৰি কিছু গাড়ীচালকে নিজা ময়মতালিৰে উদণ্ডভাৱে গাড়ী চলোৱাৰ বাবেই এনে ঘটনা প্ৰায় সংঘটিত হৈ অাহিছে। ফলত যাত্ৰী সকলৰ সুৰক্ষাত প্ৰশ্ন চিহ্ন অাহি পৰিছে। ইফালে ঘটনাস্থলীত বেবেজীয়া অাৰক্ষী উপষ্ঠিত হৈ পৰিস্থিতি নিয়ন্ত্ৰন কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0