Home অন্যান্য খবৰকুমাৰীকাটাত বনৰীয়া হাতীৰ উপদ্ৰৱ

কুমাৰীকাটাত বনৰীয়া হাতীৰ উপদ্ৰৱ

by News Desk
79 views
A+A-
Reset

তামুলপুৰঃ তামুলপুৰ মহকুমাৰ ভাৰত ভূটান সীমান্তত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ। নিদ্ৰা হৰণ কৰিছে সীমান্তবাসী ৰাইজৰ। যোৱা ১৫ নৱেম্বৰৰ নিশা নাগ্ৰীজুলিত এজন লোক হাতীৰ আক্ৰমনত নিহত হোৱাৰ পাছত শনিবাৰে নিশা কুমাৰীকাটা ৰেঞ্জৰ আঙাৰকাটাত বনৰীয়া হাতীয়ে পাঁচটা পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি তাণ্ডৱ চলোৱৰৰ লগতে ঘৰৰ ভিতৰত থকা পৰিয়ালকেইটাৰ নথি-পত্ৰও অনিষ্ট সাধন কৰে৷ 

ইপিনে গাঁৱখনৰ কেইবাগৰাকী কৃষকৰ কেইবাবিঘা পথাৰৰ পকা ধান খাই গচকি তহিলং কৰে৷ জানিব পৰা মতে, ভূটান পাহাৰৰপৰা খাদ্যৰ সন্ধানত নামি অহা বনৰীয়া হাতীৰ জাকে ক্ৰমে নগেন  দাস হৰিপদ দাস, বিনন্দ আৰ্য, সুভাষ আৰ্য, মানিক আৰ্যৰ ঘৰ ভাঙি নিঠৰুৱা কৰে৷ আনহাতে জয়চৰন দাস গৌৰাং দাস, দ্বিজেন চৰকাৰ, শ্যামচৰন মণ্ডলৰ পথাৰৰ পকাধান খাই তহিলং কৰে৷ বন বিভাগৰ লোকে খবৰ কৰে যদিও হাতীৰ উপদ্ৰৱ ৰোধ কৰিব পৰা নাই৷ ৰাইজে বনবিভাগক হাতীৰ উপদ্ৰৱ নিৰাময় কৰাৰ বাবে দাবী জনাইছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0