জাজৰিঃ বৃহত্তৰ জাজৰি অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী, শংকৰী সংস্কৃতিৰ একনিষ্ঠ সাধক, শাস্ত্রীয় সংগীতৰ বিশাৰদ স্বৰ্গীয় মহৎ চন্দ্ৰ ডেকাৰ প্ৰথম বাৰ্ষিকী স্মৃতি দিৱসটি যোৱা ১৭ নৱেম্বৰত জাজৰি পানবাৰীস্থিত বাসগৃহত উদযাপন কৰা হয়।
স্মৃতি দিৱসৰ লগত সংগতি ৰাখি সন্ধিয়াৰপৰা ‘স্বৰ্গীয় মহৎ ডেকা আৰু বিমলা ডেকা সোঁৱৰণি চিৰযুগমীয়া গীতৰ এসন্ধ্যা’ শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানে উপস্থিত সকলো ৰাইজক মোহাচ্ছন্ন কৰে। সন্ধ্যা ৮ বজাৰপৰা অনুষ্ঠিত গীত-মাত, নৃত্যৰ অনুষ্ঠানখনি উদ্বোধন কৰে বিশিষ্ট শিক্ষাবিদ হেমচন্দ্ৰ তামুলী আৰু জাজৰি প্ৰেছ ক্লাবৰ সম্পাদক ৰাহুল দেৱ বৰদলৈয়ে।