59
তামুলপুৰঃ বাক্সা জিলাৰ তামুলপুৰ থানাৰ অন্তৰ্গত দ্বাৰকুছিৰ ন-মাইলত দেওবাৰে সন্ধিয়া ৭ বজাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।
দুৰ্ঘটনাটোত এজন লোক নিহত আৰু আন চাৰিজন লোক গুৰুতৰভাৱে আহত হয়। নিহত লোকজন তামুলপুৰৰ খোপনিকুছিৰ সঞ্জয় বসুমতাৰী (২২)। ইপিনে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত আন চাৰিজন যুৱক ক্ৰমে সাগৰ ৰামচিয়াৰী, হোচেইন আলি, মুক্তাৰ আলি আৰু অহেদ আলি।