আলিপুৰদুৱাৰঃ সকলোৰে চাগৈ মনত আছে ডঃ লীলা গগৈৰ বিখ্যাত হাস্যৰসৰ গ্ৰন্থ ‘কপিলং ছিগা ৰেল’। স্বাধীনতাৰ আগে-পিছে উজনি অসমত চলা ৰে’লগাড়ীসমূহৰ প্ৰায়ে কপলিং ছিঙি যায় আৰু শুদা ইঞ্জিনটো গৈ পৰৱৰ্তী ষ্টেচন পায়গৈ। পিছে এনে এটা ঘটনাই ঘটিল আজিৰ যুগতো। চলি থাকোতেই ৰে’লগাড়ীৰ দবা এৰি তীব্ৰ গতিত চলি গ’ল ইঞ্জিন৷
এইদৰে প্ৰায় ১ কিল’মিটাৰ চলি যোৱাৰ পাছতহে চেতনা আহিল চালকৰ৷ বৃহস্পতিবাৰে পুৱাই এই ঘটনাটো ঘটিছে আলিপুৰদুৱাৰৰ মাদাৰিহাট আৰু মুজনাই ষ্টেচনৰ মাজৰ ৰাঙালিবজাৰৰ ওচৰত৷ এই ঘটনাটোত কোনো লোক হতা-হত হোৱা নাই যদিও তিনিচুকীয়া-বেংগালুৰু এক্সপ্ৰেছ ৰে’লগাড়ীখনৰ যাত্ৰীসকল তীব্ৰ আতংকত ভূগিছিল৷ ঘটনাটো ঘটাৰ প্ৰায় দুঘণ্টাৰ পাছত ইঞ্জিনৰ সৈতে দবাবোৰ সংযোগ কৰি ৰে’লগাড়ীখনে পুনৰ যাত্ৰা আৰম্ভ কৰে৷