খেৰণিঃ অসম-মেঘালয়ৰ সীমান্তত ট্ৰাকসহ পুনৰ বৃহৎ পৰিমাণৰ চোৰাং কাঠৰ কুন্দা জব্দ কৰা হৈছে। পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বনাঞ্চলিক কাৰ্যালয় তথা মকৈলুম উপ-আৰক্ষী চকীৰ অন্তৰ্গত উমপ্লুঙৰ তুমেং-লাংছ’ৰপৰা এইবাৰ খেৰণি বন বিভাগে জব্দ কৰে এখন কুন্দাভৰ্তি ট্ৰাক।
কিছুদিন পূৰ্বে অসম-মেঘালয়ৰ সীমান্তৰ মোলাবেৰ আৰু উমতাঙৰপৰা মেঘালয়ৰ পঞ্জীয়নভুক্ত দুখনকৈ অবৈধ কুন্দাভৰ্তি ট্ৰাক জব্দ কৰিছিল আৰক্ষীয়ে। উল্লেখযোগ্য যে, একেদৰে এইবাৰো কাৰ্বি আংলঙৰ উমপ্লুঙৰ তুমেং-লাংছ’ৰপৰা অবৈধভাৱে মেঘালয়লৈ কুন্দা সৰবৰাহ কৰাৰ চেষ্টা কৰি থকা অৱস্থাত এইবাৰ খেৰণি বনবিভাগে এখন কুন্দাভৰ্তি ট্ৰাক ইতিমধ্যে জব্দ কৰে।