শ্ৰীনগৰঃ অশান্তজৰ্জৰ জম্মু-কাশ্মীৰত দেওবাৰে নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষত ৬ জন সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে এজন সেনা জোৱান নিহত হয়৷
জম্মু-কাশ্মীৰৰ ছোপিয়া জিলাৰ হিপুৰা বাটাগুণ্ড নামৰ এক অঞ্চলত সন্ত্ৰাসবাদী আৰু সেনাবাহিনীৰ মাজত ধাৰাষাৰ গুলীয়াগুলী হয়৷ এলেকাটোত গোপন অভিযানৰ পাছত নিৰাপত্তাৰক্ষীয়ে সন্ত্ৰাসবাদীৰ উপস্থিতিৰ উমান পাই তালাচী আৰম্ভ কৰে৷ সেনাৰ ওপৰত সন্ত্ৰাসবাদীয়ে গুলি বৰ্ষন কৰাত সেনায়ো ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়ে৷ প্ৰায় ৪৮ ঘন্টা পৰ্যন্তলৈকে চলা এই তুমুল সংঘৰ্ষত নিৰাপত্তাৰক্ষীয়ে ছয়জনকৈ সন্ত্ৰাসবাদীক গুলীয়াই নিহত কৰাৰ লগতে এনকাউন্টাৰত এজন সেনাবাহিনীও শ্বহীদ হয়৷