ওদালগুৰিঃ পুনৰ ওদালগুৰি সাপ্তাহিক বজাৰত নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে নকল দখনাৰ বিৰুদ্ধে চলালে অভিযান।”দীৰ্ঘদিন ধৰি ওদালগুৰি চহৰৰ বিভিন্ন প্ৰান্তত মুকলিকৈ বিক্ৰী হৈ আহিছে বহিৰাজ্যত নিৰ্মিত নকল দখনা। সাধাৰণ কম দামৰ কাপোৰত এম্ব্ৰদাৰী কৰি দখনাৰ ৰূপ দি বহি:ৰাজ্যত নিৰ্মাণ কৰা হয় এই দখনা সদৃশ কাপোৰ। যাৰ বজাৰত মূল্য অতি কম আৰু ওজন কম হোৱা বাবে পিন্ধিবলৈ সুবিধাজনক বুলি ভাবি একাংশ বড়ো মহিলাই ইয়াক ক্ৰয় কৰি আহিছে। যাৰ ফলত ধ্বংসৰ মুখলৈ গতি কৰিছে শিপিনীৰ হাতৰ পৰশত প্ৰাণ পাই উঠা থলুৱা দখনাবোৰ। ই বড়ো কৃষ্টি-সংস্কৃতিৰ ক্ষেত্ৰখনত ভাবুকিৰ সৃষ্টি কৰিছে। কোনো কাৰণতে এনে দখনা বজাৰত বিক্ৰী কৰিবলৈ দিয়া নহব।” এই ভাষ্য এবছু ওদালগুৰি জিলা সমিতিৰ।
কেৱল এয়াই নহয় সংগঠনটোৱে সাংবাদিকৰ আগত মত ব্যক্ত কৰি কয় যে পূৰ্ৱেও ব্যৱসায়ীসকলক এনে দখনা বিক্ৰী বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল যদিও বাৰম্বাৰ এনে কাৰ্য সংঘটিত কৰাৰ বাবে এবছুৱে এনে দখনাৰ বিৰুদ্ধে বজাৰত অভিযান চলাবলৈ বাধ্য হৈছে। সংগঠনটোৱে আজি ওদালগুৰি সাপ্তাহিক বজাৰত বিক্ৰেতাই বিক্ৰী কৰি থকা এনে বিকৃত দখনাসমূহ উঠাই আনে। ইয়াৰ পাছত তেওঁলোকে উক্ত নকল দখনাসমূহ দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে আৰু লগতে অসাধু ব্যৱসায়ীসকলক এনে কাৰ্য পুনৰবাৰ নকৰিবলৈ সকিয়নী প্ৰদান কৰে।