Home অন্যান্য খবৰগোলাঘাট গ্ৰন্থমেলাত দীপ হেষ্টিংছ বৰিৰ কাব্যগ্ৰন্থ “প্ৰস্তাৱিত এসন্ধ্যা” উন্মোচন

গোলাঘাট গ্ৰন্থমেলাত দীপ হেষ্টিংছ বৰিৰ কাব্যগ্ৰন্থ “প্ৰস্তাৱিত এসন্ধ্যা” উন্মোচন

by News Desk
80 views
A+A-
Reset

কাজিৰঙাঃ  গোলাঘাট সদৰ কবি সন্মিলনৰ উদ্যোগত যোৱা ৩০ নৱেম্বৰত গ্ৰন্থমেলাৰ বাকৰিত এখনি মনোৰম কবি সন্মিলন আৰু গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হৈ যায় ৷ জ্যেষ্ঠ সাহিত্যিক উপেন দত্তই বন্তি প্ৰজ্জ্বলন আৰু আনমনা গগৈয়ে শ্ৰদ্ধাঞ্জলি জনোৱা “হেমন্তৰ এসন্ধ্যা কবিতাৰ বন্যা” শীৰ্ষক অনুষ্ঠানটি শুভাৰম্ভ হয় মৃগাক্ষী ঠাকুৰৰ বৰগীত পৰিবেশনেৰে ৷ গণকবি অশোক দাসে উদ্ধোধন কৰা সভাত সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক উজ্জ্বল পাওগামে মুখ্য অতিথি, বিশিষ্ট অতিথি হিচাপে কেন্দ্ৰীয় কাৰ্যকৰ্তা পলিমা চেতিয়া বসুমতাৰী, হেমা চৌধুৰী গগৈ, ডা° কুমুদ দত্ত, বানেশ্বৰ বৰা, ৰাজুমনি বেজবৰুৱা, কৌস্তুভমণি হাজৰিকা, দেৱজিৎ ফুকন আদি উপস্থিত থাকে ৷

অনুষ্ঠানৰ অন্যতম কাৰ্যসূচী হিচাপে অসমৰ আগশাৰী প্ৰকাশন “শব্দ”ই প্ৰকাশ কৰি উলিওৱা সদৰ কবি সন্মিলনৰ সম্পাদক দীপ হেষ্টিংছ বৰিৰ কাব্যগ্ৰন্থ “প্ৰস্তাৱিত এসন্ধ্যা”  উন্মোচন কৰে বিশিষ্ট চিত্ৰশিল্পী মনজিত ৰাজখোৱাই ৷ উন্মোচন কৰি কবিতাসমূহত চকু ফুৰাই তেখেতে এটি কবিতা পাঠ কৰি কবিজনাক অভিনন্দন জ্ঞাপন কৰে ৷ অনুষ্ঠানত পৰিস্মিতা ফুকনৰ দশাৱতাৰ নৃত্যই সকলোকে মোহিত কৰে ৷ আন্মনা গগৈ আৰু ৰেখাশ্ৰী সন্দিকৈৰ সঞ্চালনাত অতিথি সকলৰ লগতে কবিতা পাঠ কৰে জিনতু ফুকন, অংকুৰ বৰগোহাঁই, নীলিমা বৰা, প্ৰিঞ্চিপিয়া ফুকন, সুৰজিত কুমাৰ সিংহ,পুতুল গগৈ, প্ৰিয়াশু প্ৰাঞ্জল, লাকী কলিতা, প্ৰজ্ঞা শইকীয়া, ডিম্বেশ্বৰ দাৱ জ্যোতিপ্ৰসাদ লডিয়া, এপ’লিনা বৰা, দেৱযানী বৰা, যুগল কিশোৰ নাথ, দৃষ্টিৰূপা বৰদলৈ, পম্পী শইকীয়া, মধু পেগু, জিন্তু বৰা, দিব্যজ্যোতি ৰাজখোৱা, কুলদীপ বৰদলৈ, কুশল শইকীয়া, তৰা বৰুৱা, বৰ্ণিল আদি দুকুৰি কবিয়ে ৷
কবিতাসমূহৰ পৰ্যালোচনা কৰে অপূৰ্ব দত্ত আৰু ধ্ৰৱজ্যোতি দত্তই ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0