মৰিগাওঁঃ জাতি-মাটি-ভেটি ৰক্ষাৰ শ্ল’গান দি ক্ষমতালৈ অহা সৰ্বানন্দ সোনোৱাল চৰকাৰৰ কাৰ্যকালত সন্দেহজনক বিদেশীৰ আত্ংকত বিনীদ্ৰ ৰজনী কটাবলৈ বাধ্য হৈছে খিলঞ্জীয়া জনসাধাৰণ।খেতি চপোৱাৰ বতৰত থলুৱা কৃষকৰ কৃষিভূমি বেদখল কৰি খেতি নষ্ট কৰাৰ লগতে কৃষকক প্ৰাণে মৰাৰ ভাবুকি দিছে সন্দেহজনক বাংলাদেশীয়ে ।
এই ভয়ানক ঘটনা স্ংঘটিত হৈছে ৰাজ্যৰ ৰাজধানীৰ দাতিকাষৰীয়া জিলা মৰিগাৱত। ঘটনাক কেন্দ্ৰ কৰি শেহতীয়াকৈ সমগ্ৰ জিলাখনতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। প্ৰাপ্ত তথ্যমতে, জিলাখনৰ জাগীৰোড থানাৰ অন্তৰ্গত গোভা মৌজাত সন্দেহজনক লোকে পূৰ্বৰে পৰা থলুৱা লোকৰ কৃষিভূমিত তাণ্ডৱ চলাই আহিছে। শেহতীয়কৈ কনাবড়ী গাৱৰ আনন্দ ৰাম দেউৰী নামৰ লোকজনৰ কুইয়াদল কিচামৰ কেইবা বিঘা কৃষিভূমিত প্ৰৱেশ কৰি এদল সন্দেহজনক বিদেশীয়ে গৰু লগাই খেতি বিনষ্ট কৰে। ইয়াৰ লগতে উক্ত কৃষিত নিয়োজিত কৃষককো প্ৰানে মৰাৰ ভাবুকি দিয়ে সন্দেহজনক বিদেশীৰ দলটোৱে।