তামুলপুৰঃ হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফ প্ৰশাসনে বি টি এ ডিত বসবাস কৰা সকলো শ্ৰেণীৰ ৰাইজৰ উন্নয়নৰ হকে কাম কৰি আহিছে। স্বাধীনোত্তৰ কালত বি টি এ ডি অঞ্চলৰ উন্নয়নৰ ওপৰত কোনোখন চৰকাৰে গুৰুত্ব আৰোপ কৰা নাছিল যাৰ ফলত সৰ্বদিশত পিছপৰি আছিল বৰ্তমানৰ বি টি এ ডি অঞ্চলতো।
বি টি চি গঠন হোৱাৰ পিছতহে বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বি টি এ ডিত বসবাস কৰা জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজৰ বাবে শিক্ষা খণ্ড, স্বাস্থ্য খণ্ড, কৃষি ক্ষেত্ৰ, যাতায়তকে আদি কৰি ভিন্ন দিশত উন্নয়ন তৰান্বিত হৈছে। এই ভাষ্য বি টি চিৰ কাৰ্যবাহী সদস্য গণেশ কছাৰীৰ।