কোকৰাঝাৰঃ কোকৰাঝাৰ বডোফা নগৰৰ বি টি চি পৰিষদীয় ভৱনত বুধবাৰে বি টি চিৰ এদিনীয়া শীতকালীন অধিৱেশন সম্পন্ন হয়।
পুৱা দহ বজাৰপৰা আৰম্ভ হোৱা বি টি চিৰ শীতকালীন অধিৱেশনত পৰিষদৰ সমূহ সদস্য উপস্থিত থাকে।এঘন্টাৰ প্ৰশ্নোত্তৰৰ কালছোৱাত পৰিষদীয় সদস্যসকলে বিভিন্ন প্ৰশ্ন উত্থাপন কৰে। বিশেষকৈ দতমা পৰিষদীয় সমষ্টিৰ নিৰ্বাচিত সদস্য জ্যোতিৰেন্দ্ৰ ব্ৰহ্মই যোৱা ২০১৩-১৪ বিত্তীয় বৰ্ষৰ গড়কাপ্তানি বিভাগৰ অধীনত নিৰ্মিয়মান দতমাৰ কাৰ্বজা পকী দলংখন আজিলৈকে কিয় সম্পূৰ্ণ নহ’ল বুলি প্ৰশ্ন উত্থাপন কৰাত বি টি চিৰ গড়কাপ্তানি বিভাগৰ দায়িত্বত থকা বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কয় যে ২০১৩ চনৰপৰা ২০১৫ চনলৈকে পি ডব্লিউ ডি, পি এন আৰ ডি আৰু চি ডি বিভাগৰ অধীনত বি টি এ ডিত বহু উন্নয়নমূলক কাম-কাজ ধৰা হৈছিল যদিও কিছু কাম আধাৰুৱা হৈ আছে।