লিডুঃ তিনিচুকীয়া জিলাৰ বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত বুধবাৰে অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত তথা মাৰ্ঘেৰিটা, ডিগবৈ,পেঙেৰী, বৰডুমছা, আৰু টিৰাপ আঞ্চলিক সমিতিৰ সহযোগত উত্তৰ মাৰ্ঘেৰিটা ৰংগমঞ্চৰপৰা এক প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ণ কৰা হয়৷
বিশেষকৈ তিনিচুকীয়া জিলাখনৰ লিডু, ডিৰাক, শদিয়া আদি অঞ্চলসমূহত অৰ্ধনিৰ্মিত অৱস্থাত পৰি থকা আই টি আইকেইখন শীঘ্ৰেই মুকলি কৰাৰ দাবী জনোৱা হয়। জিলাখনৰ সকলো চিকিৎসালয় আধুনিকীকৰণ কৰি উন্নতমানৰ কৰা, মাৰ্ঘেৰিটাৰ প্ৰস্তাৱিত তাপ বিদ্যুৎ প্ৰকল্পৰ কাম শীঘ্ৰেই আৰম্ভ কৰাৰ লগতে ডিৰাক-চুমনি মথাউৰিৰ স্থায়ী সমাধানৰ দাবীত সংগঠনটোৰ শতাধিক প্ৰতিবাদকাৰীয়ে মাৰ্ঘেৰিটা মহকুমাধিপতিৰ কাৰ্যলয় উত্তাল কৰি তুলে৷