কাৰ্বি আংলংঃ অসম-নগালেণ্ড আন্তঃৰাজ্যিক সীমান্তৰ গাতে লাগি থকা পাহাৰীয়া জিলা কাৰ্বি আংলংৰ বোকাজান মহকুমা তথা ডিল্লাই আৰক্ষী থানাৰ অন্তৰ্গত পুৰণা লাহৰিজানৰ পৰা আৰক্ষীয়ে আজি এক ট্ৰাক অৰুণাচলী সুৰা জব্দ কৰে। এএছ-০৯-চি- ৪৯৯৩ নম্বৰৰ ছয় চকীয়া বাহনখনত অবৈধ ভাৱে অৰুণাচলৰ সুৰা ডিমাপুৰলৈ সৰবৰাহৰ চেষ্টা কৰাৰ সময়তে পুৰণা লাহৰিজানত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত গাড়ীখন ৰখাই থোৱা অৱস্থাত লাহৰিজানস্থিত বিঅ’পিৰ দায়িত্বত থকা এ.এছ.আই. দিগন্ত নাথৰ তৎপৰতাত আৰক্ষীয়ে গাড়ীখন জব্দ কৰে ৷ প্ৰায় ১৫ লাখ টকা মূল্যৰ অবৈধ অৰুণাচলী সুৰাভৰ্তি ট্ৰাকখন আৰক্ষীয়ে জব্দ কৰে যদিও গাড়ীখনৰ চালক- হেণ্ডিমেনে চেগ বুজি পলাই যাবলৈ সক্ষম হয় বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।