38
চেন্নাইঃ ২০১৯ ত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনত কমল হাছানৰ দল মাক্কাল নিধি মাইয়াম (এম এন এম) দলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব৷ অভিনয় জগতৰপৰা ৰাজনীতিৰ ক্ষেত্ৰলৈ খোজ দিয়া জনপ্ৰিয় অভিনেতাজনে পোন প্ৰথমবাৰৰ বাবে এই কথা প্ৰকাশ কৰে৷
দলৰ কাৰ্যকৰী সমিতিৰ এখন সভাৰ পাছত শনিবাৰে চেন্নাইত কমল হাছানে এই কথা প্ৰকাশ কৰি লগতে কয় যে সমভাবাসম্পন্ন দলৰ সৈতে এম এন এমে মিত্ৰতা কৰিবলৈ সাজু আছে৷