75
নাগালেণ্ডৰ ৱাখাৰপৰা সপোন ৰহমান শইকীয়াঃ বহু চৰ্চিত তথা অতিকৈ স্পৰ্শকাতৰ অঞ্চল হিচাপে চিহ্নিত ৰাজ্যৰ অশান্তজৰ্জৰ অসম-নগালেণ্ড সীমান্তত পুনৰবাৰ শান্তিৰ বাৰ্তাৰে অনুষ্ঠিত হ’ল অসম-নগালেণ্ডৰ বন্ধুত্বমূলক ভলিবল টুৰ্ণামেণ্ট।
সীমান্ত অঞ্চলসমূহত শান্তিৰ বাতাবৰণ গঢ়ি তোলাৰ উদ্দেশ্যৰে তিতাবৰৰ অসম-নগালেণ্ড সীমান্তৱৰ্তী অঞ্চলসমূহত ধাৰাবাহিকভাৱে অনুষ্ঠিত কৰি অহা বন্ধুত্বমূলক ভলিবল টুৰ্ণামেণ্ট এইবাৰ নাগালেণ্ডৰ ৱাখা জিলাৰ আগটিত বস্তিত আৰম্ভ হয়।