গান্ধীনগৰঃ বছৰটোৰ শেষত গুজৰাটত দেওবাৰে সংঘটিত হোৱা পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰ দহজন সদস্যৰ জীৱন কাঢ়ি লৈ যায়৷ গুজৰাটৰ কচ্চ জিলাৰ ভচাও চহৰৰ পথত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰ ১০ জন নিহত হয়৷
ইনভা এছ ইউ বিত পৰিয়ালৰ দহজন লোকে যাত্ৰা কৰিছিল৷ আৰক্ষীয়ে জনোৱা মতে নিমখ ভৰ্তি ট্ৰাক এখনে ডিভাইডাৰত অতিক্ৰম কৰি পথৰ বিপৰীত দিশত আহি থকা ইনভাখনক প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে৷ একে সময়তে ইনভাখনৰ পিছফালেও আন এখন গাড়ীয়ে খুন্দা মৰাত ইনভাখনত থকা ১০ জন আৰোহীৰ থিতাতে মৃত্যু হয়৷