ডিজিটেল ডেস্কঃ চত্তিছগড়ৰ সুকমাৰ মাওবাদী অাক্ৰমণত ছহীদ হোবা ২৫ জন চিঅাৰপিএফ জোৱানৰ সন্তানৰ পঢ়া-শুনাৰ সমস্ত দায়িত্ব ল’লে কলকাতা নাইট ৰাইডাৰ্ছৰ অধিনায়ক গৌতম গম্ভীৰে। উল্লেখ্য যে বৃহস্পতিবাৰে অাইপিএল খেলখন অনুষ্ঠিত হোবাৰ অাগতে ছহীদ জোৱানসকলক স্মৰণ কৰে গম্ভীৰ নেতৃত্বাধীন নাইট ৰাইডাৰ্ছে।
তাৰ পিছতেই জনপ্ৰিয় ক্ৰিকেট তাৰকাজনে টুইটাৰযোগে টুইট কৰি কয় যে দেশৰ হকে প্ৰাণ বলিদান দিয়ে ২৫ জন জোৱান প্ৰতি অামাৰো কৰ্তব্য আছে। এই শ্বহীদ বীৰ জোৱানসকলৰ বাবে কিবা কৰাটো উচিত বুলি মন্তব্য কৰি গম্ভীৰে কয় যে অামাৰ চিন্তা এয়াৰকণ্ডিচনাৰ থকা ঘৰ, SUV তকৈ ডাঙৰ গাড়ীতেই সীমাবদ্ব।