গুৱাহাটীঃ অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অসমীয়া জনতাৰ মনত থকা আবেগক হাথিয়াৰ কৰি ক্ষমতালৈ অহা বি জে পিয়ে হিন্দু বাংলাদেশীক বৰপীৰাত বহুৱাবলৈ নাগৰিকত্ব সংশোধনী বিধেকখন লোকসভাত উত্থাপনৰ কৰিবলৈ বিচাৰি ঐতিহাসিক অসম চুক্তিক নস্যাৎ কৰিছে। আনহাতে, অসমীয়াৰ আৱেগক প্ৰশমিত কৰিবলৈ নিকৃষ্ট ৰাজনীতিৰে একেখন অসম চুক্তিৰে ষষ্ঠ দফা ৰূপায়নৰ কৰাৰ নামত নৰেন্দ্ৰ মোডী চৰকাৰৰ কেবিনেটে উচ্চ স্তৰীয় সমিতি গঠনৰ নাটক আৰম্ভ কৰিছে।
এয়াই আছিল সদৌ অসম ছাত্ৰ সন্থাই বৃহস্পতিবাৰে স্বহীদ ন্যাস ভৱনত আয়োজন কৰা সংবাদ মেলৰ মূল কথা।