গুৱাহাটীঃ দুটা নিৰ্বাচন প্ৰতিশ্ৰুতিৰে পাৰ কৰিলে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে।আকৌ ২০১৯ লোকসভা নিৰ্বাচন বৈতয়নী পাৰ হ’বলৈ কেন্দ্ৰীয় মন্ত্ৰীসভাই আশ্ৰয় লৈছে প্ৰতিশ্ৰুতিৰ ৰাজনীতি। পূৰ্বৰ চৰকাৰৰ দৰে লোকসভা নিৰ্বাচনলৈ ৪-৫মাহ থকা অৱস্থাত অসম চুক্তি ছয় নং দফা কাৰ্যকৰী কৰিবলৈ পুনৰ গঠন কৰিছে কমিটী।
এই গুৰুত্বপূৰ্ণ মন্তব্য প্ৰব্ৰজন বিৰোধী মঞ্চ আহ্বায়ক উপমন্যু হাজৰিকাৰ। বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদ মেল সম্বোধন কৰি প্ৰব্ৰজন বিৰোধী মঞ্চ আহ্বায়ক গৰাকীয়ে কয় যে পূৰ্বৰেপৰা আমি কৰি অহা দাবীসমূহ কাৰ্যকৰী কৰিব লাগে বুলি অসমৰ মেৰুদণ্ডহীন চৰকাৰখনক মনত পেলাই দি অহা হৈছে।