Home বাণিজ্যকৃষিকৰ্মৰে জিলিকিছে লিডুৰ বিকাশ বৰুৱা

কৃষিকৰ্মৰে জিলিকিছে লিডুৰ বিকাশ বৰুৱা

by News Desk
72 views
A+A-
Reset

লিডুঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডুৰ মাটিখাট অঞ্চলৰ এজন যুৱক বিকাশ বৰুৱাই কৃষিকৰ্মৰ মাধ্যমেৰে আৰ্থিকভাৱে সচ্ছল হোৱাই নহয় বহু নিৱনুৱা যুৱক-যুৱতীৰ বাবে এতিয়া হৈ পৰিছে স্বাৱলম্বীতাৰ এক  উজ্জ্বল নিৰ্দশন৷ যি সময়ত এটা চাকৰি বা কৰ্ম সংস্থাপনৰ আশাত ৰাজ্যৰ লাখ লাখ নিৱনুৱাই হাবাথুৰি খাই ফুৰিছে তেনে সময়তে লিডুৰ মাটিখাত অঞ্চলৰ বিকাশ বৰুৱা নামৰ এই যুৱকজনে কৃষি কৰ্মৰে আৰ্থিকভাৱে স্বাৱলম্বী হোৱাই নহয় দহ টাকৈ পৰিয়ালক পোহপাল দি সকলোৰে দৃষ্টি আকৰ্ষন কৰিবলৈ সক্ষম হৈছে ৷ সাহস আৰু ধৈৰ্য্যৰ লগতে একোটা উৎসাহী মন থাকিলে বৃহৎ পৰিমানৰ মুলধন নহলেওঁ যে আৰ্থিকভাৱে সচ্ছল হব পাৰি তাকেই প্ৰমান কৰিছে লিডুৰ বিকাশ বৰুৱাই ৷ 

উচ্চশিক্ষাৰে  শিক্ষিত বিকাশ বৰুৱাই চাকৰিৰ সৈতে জড়িত হৈও আজৰি সময়ত কৃষিকৰ্মৰ সৈতে নিজকে নিয়োজিত কৰি এতিয়া এক বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে ৷  লিডুৰ মোলাং অঞ্চলৰ নৈ কাষৰিয়া ৩৭ বিঘা মাটিত জলকীয়া, জাতিলাওঁ, ৰঙালাওঁ,তিতাকেৰেলা,মটৰ ইত্যাদিৰ খেতিত নিজকে নিয়োজিত কৰি বিকাশ বৰুৱা এতিয়া অঞ্চলটোৰ  ভিতৰতেই এজন  আদৰ্শৱান কৃষক হিচাপে পৰিগণিত হৈছে ৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0