বাইহাটা চাৰিআলিঃ চট্টিছগড়ৰ ৰায়পুৰত ৯ ৰ পৰা ১৩ জানুৱাৰী লৈ অনুস্থিত ২৪ তম সদৌ ভাৰত বন খেল সমাৰোহত অসম বন বিভাগৰ বিষয়া-কৰ্মচাৰীৰে গঠিত ৩৩ জনীয়া দলটোৱে ৭ টা পদক জিনি অইন বছৰ সমূহৰ তুলনাত এইবাৰ চমকপ্ৰদ সফলতা দেখুৱাবলৈ সক্ষম হৈছে।
এই খেল সমাৰোহত উত্তৰ কামৰূপ বন সংমণ্ডলৰ চিলা ৰেঞ্জৰ ৰেঞ্জাৰ ৰবীন বৈশ্যই ভাৰত্তোলনত ১টা সোণৰ ও ১টা তাম সহ ২ টা পদক, বন সুৰক্ষা বাহিনীৰ নয়নমণি শইকীয়াই ভাৰত্তোলনত ১টা সোণৰ পদক, অসম ৰাজ্যিক চিৰিয়াখানাৰ ডি. এফ. অ. তেজছ মৰিস্বামীয়ে স্কোৱাছত ১টা ৰূপৰ পদক, ঢলাৰ ফৰেষ্টাৰ বিজয় চেতিয়া পাত্ৰই চতপুত ত ১টা ৰূপৰ ও দিস্কাছ থ্রোত ১টা তামৰ পদক আৰু বন সুৰক্ষা বাহিনীৰ অৰ্জুন ছেত্ৰীয়ে ৪০০ মিটাৰ দৌৰত ১টা ৰূপৰ পদক অৰ্জন কৰে।