মালদহঃ নাগৰিকত্ব সংশোধনী বিধেয়ক অসমীয়া জাতিৰ জীৱন-মৰণৰ কাৰক। ইফালে এইখন বিতৰ্কিত বিধেয়কক লৈ বি জে পিয়ে কিয় ইমান আঁকোৰগোঁজ হৈ আছে? এই ৰহস্য ক্ৰমাৎ ফাদিল হ’বলৈ আৰম্ভ কৰিছে।
২০১৪ৰ সাধাৰণ নিৰ্বাচনত বিকাশ আৰু ভাৰতক বিশ্বৰ ভিতৰতে অৰ্থনৈতিকভাৱে শীৰ্ষত অৱস্থান কৰোৱাৰ প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ অহা নৰেন্দ্ৰ মোডী চৰকাৰে যোৱা পাঁচটা বছৰত পূৰ্বৰ কংগ্ৰেছক সমালোচনা কৰিয়েই পাৰ কৰিলে। অৰ্থনৈতিকভাৱে বিশ্বৰ ভিতৰক ভাৰতক শীৰ্ষ স্থানত বহুৱাৰ কথা এতিয়া বি জে পিয়ে নকয়, ক’লা ধনৰ বিষয়তো দলটো এতিয়া নীৰব।