72
ডিজিটেল ডেস্কঃ প্ৰশ্ন ‘কমন’ নপৰিলে পৰীক্ষা গৃহত কলম কামুৰি বহি থকা ছাত্ৰ হয়তো আপুনি দেখিছে। কেতিয়াবা হয়তো টান প্ৰশ্ন দেখি এবাৰ ঘড়ী, এবাৰ খিৰীকিৰে বাহিৰলৈ চোৱাৰ অভিজ্ঞতাও ছাত্ৰজীৱনত বহুতৰে হৈছে।
কিন্তু প্ৰশ্নকাকত কঠিন হোৱা দেখি কলমেৰে গীতৰ শাৰী নিগৰোৱা ছাত্ৰ হয়তো খুৱেই কমেই ওলাব। এনেকুৱাই এটা অনুশাসন ভংগকাৰী কিন্তু আমোদজনক ঘটনা ঘটিছে কলকাতাৰ এখন কলেজত।