ওদালগুৰিঃ অসমৰ ক্ৰীড়া জগতৰ উৎকৃষ্ট সাধনৰ লক্ষ্যৰে বিগত বৰ্ষৰ দৰে এইবাৰো ওদালগুৰি মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত প্ৰয়াত মানস প্ৰতীম দাস সোৱৰণী সদৌ অসম ভিত্তিত এখন দিবা নৈশ পাতল টেনিচ ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
আগন্তুক ২ ফেব্ৰুৱাৰীৰপৰা তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা প্ৰতিযোগিতাখনৰ কাৰ্যসূচী অনুসৰি ২ ফেব্ৰুৱাৰীৰ পুৱা ১০ বজাত আছুৰ পতাকা উত্তোলন কৰিব ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ এছ কাশ্যপে, পুৱা ১০:৩০ বজাত শ্বহীদ তৰ্পন কাৰ্যসূচী মুকলি কৰিব ওদালগুৰি মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিপুল লহকৰে। দিনৰ ১১ বজাত প্ৰয়াত মানস প্ৰতীম দাস, দীপাঙ্কৰ তালুকদাৰ, শুধাংশু বৈশ্য, জিতু কটকী, মিণ্টু বৰ্মণ, জ্যোতিষ দাস, উইলিংষ্টোন বসুমতাৰী আৰু গৌতম বৈশ্যৰ সোঁৱৰণত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰিব অভ্যৰ্থনা সমিতিৰ সভাপতি জিতু কুমাৰ শইকীয়াই।