বৰহমপুৰঃ ৰূপহীহাট মিডিয়া চেল, জুৰীয়া নাট্য সমিতি আৰু জুৰীয়া সাৰ্বজনীন ৰঙালী বিহু উদযাপন সমিতিয়ে কণ্ঠশিল্পী কৃষ্ণমণি নাথক ‘বিহুৱা কণ্ঠ’ উপাধি প্ৰদান কৰে। জুৰীয়াত শিল্পীগৰাকীক এই বিশেষ সন্মান যঁচা হয়।
এই অনুষ্ঠানটিতে ৰূপহীহাট মিডিয়া চেলৰ প্ৰথম বাৰ্ষিক আলোচনী ‘বকুলৰ সুবাসৰ’ উন্মোচন কৰা হয়। বৃহত্তৰ জুৰীয়া অঞ্চলৰ পাঁচ সহস্ৰাধিক ৰাইজৰ উপস্থিতিত আলোচনীখন উন্মোচন কৰে নগাঁও জিলাৰ উপায়ুক্ত চমচেৰ সিং আৰু আৰক্ষী অধিক্ষক দেৱৰাজ উপাধ্যায়ই।