ডিজিটেল ডেস্কঃ বিমুদ্ৰাকৰণৰ দিনধৰি দেশত ন ন চমক দি আহিছে চৰকাৰে। হঠাতে পুৰণি ৫০০ আৰু ১০০০ টকীয়া নোট অচল বুলি ঘোষণা কৰি দিনদিয়েক পিছতে নতুন ২০০০ টকীয়া নোটৰ প্ৰচলন কৰা গেৰুৱা চৰকাৰখনৰ পদক্ষেপক বহুতেই প্ৰশংসা কৰিছিল। তাৰ বিপৰীতে অমৰ্ত্য সেনৰ দৰে অৰ্থনীতিবিদে এই পদক্ষেপ হিতে বিপৰীত বুলি মন্তব্য কৰিছিল। কিন্তু বিশ্বজুৰি চৰ্চালৈ আহিছিল বিশাল দেশখনত প্ৰধানমন্ত্ৰীয়ে লোৱা এই সাহসী পদক্ষেপৰ কথা।
কিন্তু নকৈ মূদ্ৰিত এই নোটবোৰত ক’ৰবাত যদি চিয়াহীৰে আখৰ নেদেখা নোট ওলাইছে, ক’ৰবাত আকৌ নোটৰ এটা ফালত মূদ্ৰণে হোৱা নাই। এইবাৰ মধ্য প্ৰদেশৰ এটিএমৰ পৰা ওলাইছে মহাত্মা গান্ধীৰ ছবি নথকা নোট৷