নতুন দিল্লীঃ অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত দিল্লীয়ে মাহী আইৰ চকুৰে চায় বুলি উত্থাপিত অভিযোগ সময়ৰ লগে লগে কাৰ্যতঃ প্ৰশমিত হ’বলৈ যেন আৰম্ভ হৈছে৷
দিল্লীৰ বঞ্চনাৰ বিৰুদ্ধে উমি উমি জ্বলা ক্ষোভৰ পৰাই ওলাই আহিছিল স্ফূলিং সদৃশ আলফা৷ নিষিদ্ধ সংগঠনটোৰ কাৰ্যকলাপে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পাছত কেন্দ্ৰই ইয়াৰ নীতি সলনি কৰিবলৈ বাধ্য হৈছিল৷ এই নীতিৰ আধাৰাতে বিগত তৰুণ গগৈৰ ১৫ বছৰীয়া কাৰ্যকালত কংগ্ৰেছ চৰকাৰে জাতীয়তাবাদী চিন্তা-ধাৰাৰে আগবঢ়াত আলফা সমস্যা কিছু পৰিমাণে নিয়ন্ত্ৰিত কৰিব পাৰিছিল৷