ওদালগুৰিঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ বিৰোধিতাৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত শনিবাৰে ওদালগুৰি জিলাৰ বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাই প্ৰধানমন্ত্ৰী মোডীৰ পুত্তলিকা দাহ কাৰ্যসূচী ৰূপায়ণ কৰে।
ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থায়ো চহৰখনৰ মাজমজিয়াত ৰাজপথ অৱৰোধ কৰি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। “নৰেন্দ্ৰ মোডী হায় হায়, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, ‘‘সৰ্বানন্দ সোণোৱাল হুচিয়াৰ’’ ইত্যাদি শ্ল’গান প্ৰদানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।