58
বৰপেটাঃ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ৮ আৰু ৯ ফেব্ৰুৱাৰীত অনুষ্ঠিত টি জি বৰুৱা ৰাজ্যিক কাৰাটে প্ৰতিযোগিতাত বৰপেটা জিলাই সফলতা দেখুৱাবলৈ সক্ষম হয়৷
প্ৰতিযোগিতাখনত বৰপেটা জিলা দলে ৭টা সোণ, ২ টা ৰূপ আৰু ১ টা ব্ৰঞ্জৰ পদকসহ মুঠ ১০ টা পদকেৰে প্ৰতিযোগিতাৰ তৃতীয় শ্ৰেষ্ঠ দল হিচাপে বিবেচিত হৈছে৷ কামৰূপ (মহানগৰ) আৰু যোৰহাট জিলাই প্ৰথম দুটা স্থান লাভ কৰিছে।