শ্ৰীনগৰঃ লস্কৰ-ই-তৈবাৰ কমাণ্ডাৰ আবু মাজ আৰু তেওঁৰ সহযোগীক বুধবাৰে জম্মু আৰু কাশ্মীৰত নিৰাপত্তাৰক্ষীয়ে গুলীয়াই হত্যা কৰে৷ আবু মাজ সন্ত্ৰাসবাদী সংগঠনটোৰ শীৰ্ষ নেতা আছিল৷
জম্মু আৰু কাশ্মীৰৰ বদগাম জিলাত সংঘটিত হয় এই ঘটনা৷ নিৰাপত্তাৰক্ষী তথা সন্ত্ৰাসবাদীসকলৰ মাজত সংঘটিত হোৱা সংঘৰ্ষত সন্ত্ৰাসবাদীয়ে ধাৰাসাৰে গুলী বৰ্ষণ কৰে৷ তাৰ পাছতেই নিৰাপত্তাৰক্ষীৰ দলে আৰম্ভ কৰে গুলীয়াগুলী৷ থিতাতে লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী আবু মাজৰ লগতে তেওঁৰ সহযোগীজনে প্ৰাণ হেৰুৱায়৷