67
ওদালগুৰিঃ অসম ক্ৰিকেট সন্থাৰ উদ্যোগত ৰাজ্যজুৰি চলি আছে অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপ। ওদালগুৰিতো বিগত ১৬ ফেব্ৰুৱাৰীৰপৰা ওদালগুৰি উচ্চতৰ মাধ্যমিক খেলপথাৰত অনুষ্ঠিত হৈ আছে এই ক্ৰিকেট প্ৰতিযোগিতা।
যিখন প্ৰতিযোগিতাৰ পুৰস্কাৰ হৈছে এক লাখ টকা। প্ৰতিযোগিতাখনিত ইতিমধ্যে ভাগ লৈছে ৮ টাকৈ ক্ৰিকেট দলে। ৰাজ্যৰ লুকাই থকা ক্ৰিকেটৰ প্ৰতিভাসম্পন্ন খেলুৱৈক উলিয়াই অনাৰ লক্ষ্য আগত ৰাখি অসম ক্ৰিকেট সন্থাই আয়োজন কৰিছে এই প্ৰতিযোগিতা।