73
পাৰ্থঃ যদি আপুনি ইমান দিনে ভাবি আছিল যে বিশ্বৰ ভিতৰতে পাইলটৰ কাম অতি আকৰ্ষণীয়, তেন্তে এই ঘটনাই হয়তো আপোনাৰ মন সলনি কৰি দিব পাৰে! অষ্ট্ৰেলিয়াৰ এডেলিডত এজন পাইলটে আকশতে লিখি উলিয়ালে এটা বাক্য, I’m bored৷ এই বাতৰি এতিয়া ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে৷
এডেলিডৰ ফ্লাইট ট্ৰেইনিং নামৰ প্ৰতিষ্ঠানটোৱে যোৱা মঙলবাৰে দক্ষিণ অষ্ট্ৰেলিয়াৰ আকাশত এখন ডাইমণ্ড ষ্টাৰ বিমানৰ তিনি ঘণ্টাৰ উৰণৰ ব্যৱস্থা কৰিছিল৷