বেংগালুৰুঃ বেংগালুৰুত আয়োজিত এইবাৰৰ এৰ’ শ্ব’ বৰ সুকলমে পাৰ হোৱা নায়৷ ২০ ফেব্ৰুৱাৰীৰপৰা বায়ুসেনা বাহিনীয়ে আয়োজন কৰা এই শ্ব’ দেওবাৰে অন্ত পৰিব যদিও এই আয়োজনৰ এদি পূৰ্বে আখৰা কৰি থকা দুখন জেট বিমান মাজ আকাশতে সংঘৰ্ষ লগাত দুইখন বিমান ভূপতিত হৈছিল৷ বিমান দুখনত তিনিওজন পাইলটৰ দুজনে পেৰাচুটেৰে বিমানৰপৰা বাহিৰলৈ ওলাই প্ৰাণ ৰক্ষা কৰিছিল যদিও তৃতীয়জন পাইলট এই দুৰ্ঘটনাত দুৰ্ভাগ্যজনকভাৱে মৃত্যুক আকোঁৱালি লৈছিল৷
এই শ্ব’ৰ বাবে নিৰ্মাণ কৰা অস্থায়ী পাৰ্কিং স্থানত শনিবাৰে পুনৰ সংঘটিত হয় আন এক দুৰ্ঘটনা৷