ডিফুঃ কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত আৰম্ভ হৈছে ফুটবলৰ জ্বৰ ৷ ২৭ ফেব্ৰুৱাৰী পৰা ১৪ মাৰ্চলৈ ডিফুৰ নৱনিৰ্মিত কাছা ষ্টেডিয়ামত আন্ত: ৰাষ্ট্ৰীয় পৰ্যায়ত চতুৰ্থ চিইএম স্বৰ্ণ কাপ ফুটবল প্ৰতিযোগিতা ৷
আয়োজক কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ উদ্যোগত অসমৰ ভিতৰতে চিন্থেথিক ক’ৰ্ট থকা নৱনিৰ্মিত আন্ত:ৰাষ্ট্ৰীয় মানৰ খেলপথাৰ খনত ক্ৰমে শ্ৰীলংকা, নেপাল, ভুটান, স্থানীয় কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ এফ চি, বিটিএডি দৈমালু ক্লাৱ, শ্বিলঙৰ অসম ৰাইফলচ, অসম পুলিছ ব্লুজ, গোৱা ছালগাওকাৰ এফচি, মণিপুৰৰ উপা, অসম এএছইবি এছচি, চিকিম ইউনাইটেড এফচি আৰু ত্ৰিপুৰাৰ জামপুই জালাকে ধৰি ১২ টা দলে লীগ পৰ্যায়ত প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিব ৷