52
নতুন দিল্লীঃ নিশাৰ অন্তিম প্ৰহৰ। সকলো নিঃহপালী দি আছে। কিন্তু ভাৰতীয় বায়ু সেনা বাহিনীয়ে আৰম্ভ কৰিলে এক গোপন তথা প্ৰত্যাহ্বানপূৰ্ণ অভিযান।
পুৱতি নিশা ৩.৩০ বজাত ১২ খন মিৰাজ ২০০০ যুঁজাৰু বিমানে অতি সন্তৰ্পণে ভাৰত আৰু পাকিস্তানৰ মাজত থকা নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰি পাক অধিকৃত কাশ্মীৰৰ আকাশমাৰ্গত প্ৰৱেশ কৰিলে। বালাকোটত থকা জইছ-ই-মহম্মদৰ প্ৰশিক্ষণ শিবিৰত যুঁজাৰু বিমানকেইখনে ১০০০ কিল’গ্ৰাম বোমা নিক্ষেপ কৰি নিহত কৰে ২৫০-৩০০ সন্ত্ৰাসবাদী।