গুৱাহাটীঃ প্ৰচাৰ বিমুখ ৰাজ্যখনৰ লোকসঙ্গীতৰ শিল্পী সকলক এখন মঞ্চ দিয়াৰ লগতে অসমৰ লোকসঙ্গীতক বহল ভাবে প্ৰচাৰ আৰু প্রসাৰৰ লক্ষ্যৰে ২৩ আৰু ২৪ মাৰ্চত গুৱাহাটীত লোকসংগীত সমাৰোহ আয়োজন। গণমঞ্চৰ উদ্যোগত আয়োজন কৰা এই লোকসংগীতৰ সমাৰোহ অনুষ্ঠিত হব গুৱাহাটী বিশ্ববিদ্যালয়ৰ মূল প্ৰেক্ষাগৃহত।
এই কথা আজি সংবাদ মেলৰ জৰিয়তে জানিবলৈ দিয়ে লোকসংগীত সমাৰোহৰ উদযাপন সমিতি মুখ্য উপদেষ্টা তথা লোকসংগীতৰ সাধক নন্দ বেনাৰ্জীয়ে। সংবাদ মেলত তেওঁ কয় আমাৰ ৰাজ্যখনৰ লোকসংগীতৰ প্ৰকৃত সাধক সকল আৰ্থিক ভাৱে দুৰ্বল আৰু প্ৰচাৰ বিমুখ।