58
নতুন দিল্লীঃ ভাৰত-বাংলাদেশ সীমান্তৰ অসম খণ্ডত উন্মুক্ত নদী সীমান্তত মঙবাৰৰেপৰা আৰম্ভ হ’ব ইলেক্ট্ৰ’নিক পহৰা ব্যৱস্থা। সীমান্তৰ নদীপথেৰে হৈ থকা অনুপ্ৰৱেশ, চোৰাং কাৰবাৰ, অস্ত্ৰ সৰবৰাহ, ড্ৰাগছ আৰু গৰুৰ অবৈধ সৰবৰাহ বন্ধ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰা বুলি সোমবাৰে জানিবলৈ দিছে কেন্দ্ৰীয় গৃহ দপ্তৰে।
ব্ৰহ্মপুত্ৰখন বাংলাদেশত প্ৰৱেশ কৰা ধুবুৰী জিলাৰ ৬১ কিল’মিটাৰ নদী সীমান্তত এই ‘স্মাৰ্ট ফেন্সিং’ ব্যৱস্থা কাৰ্যকৰী কৰা হ’ব।