খাৰুপেটীয়াঃ কৃষিজাত সামগ্ৰী শাক-পাচলি, ধান, মৰাপাট ইত্যাদি খেতিৰ উৎপাদন উন্নতমানৰ হোৱাৰ লগতে উৎপাদন ক্ষমতা বৃদ্ধি কৰাৰ বাবে সৰ্বভাৰতীয় কোম্পানী বায়ষ্টাট আস্থা নামৰ কোম্পানীটোৱে কৃষকসকলৰ মাজত ব্যৱসায় কৰি থকাৰ লগতে কৃষক ৰাইজৰ মাজত কেতবোৰ সামাজিক কামো কৰি আছে।
কোম্পানীৰ সৰ্বভাৰতীয় জি এম সঞ্জীৱ ৰাহা আৰু উত্তৰ পূৰ্বাঞ্চলৰ আৰ এম পাৰ্থ প্ৰতিম শৰ্মাৰ লগতে অসমৰ টি এম ছহিদুল ইছলামে খাৰুপেটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ৰৌজলিন বেগম, মফিদুল ইছলাম, আবশ্যামা আৰু ৱাহিদুৰ ৰহমান নামৰ চাৰিগৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত ২৫০০ টকাকৈ এককালীন সাহায্য আগবঢ়ায়।