নতুন দিল্লীঃ কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে বিতৰ্কিত ৰাফাল জেট বিমানৰ ক্ৰয়ৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ‘চকিদাৰেই চোৰ’ বুলি কটাক্ষ কৰি বি জে পিৰ ৰাজনৈতিক ৰোষত পৰিছে। পিছে কি সাহসত বা কি তথ্যৰ ভিত্তিত ৰাহুল গান্ধীয়ে দেশৰ প্ৰধানমন্ত্ৰীজনক ‘চোৰ’ বুলি ক’ব পাৰিলে, সেয়া সচেতন নাগৰিকৰ বাবে কোটিটকীয়া প্ৰশ্ন হিচাপে দেখা দিছে।
জনতাৰ মনত প্ৰশ্ন জাগিছে, ফ্ৰান্সৰ সৈতে ৰাফাল চুক্তি কৰাৰ সময়ত প্ৰধানমন্ত্ৰী মোডীয়ে সঁচাকৈ অনিয়ম কৰিছিল নেকি? ইয়াত কাৰোবাৰ স্বাৰ্থ পূৰণ কৰাৰ উদ্দেশ্য নিহিত হৈ আছে নেকি?