69
বৰনদ্দীঃ পশ্চিম নলবাৰী অঞ্চলৰ বেলশৰত অহা ১৫, ১৬ আৰু ১৭ মাৰ্চত ভাৰতীয় হেণ্ডবল ফেডাৰেচনৰ উদ্যোগত অসম হেণ্ডবল সন্থাৰ সহযোগত আৰু বেলশৰ আঞ্চলিক ক্ৰীড়া সংঘৰ আমন্ত্ৰণত স্থানীয় বেলশৰ উচ্চতৰ মাধ্যমিক খেলপথাৰত ৰাষ্ট্ৰীয় পূব মাণ্ডলিক দিবা-নৈশ পুৰুষ-মহিলা হেণ্ডবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
ইতিমধ্যে এই প্ৰতিযোগিতাত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, মণিপুৰ, পশ্চিমবংগ, ত্ৰিপুৰা, ঝাৰখণ্ড, ওড়িশা, নগালেণ্ডৰ দলে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।