96
নগাঁওঃ কাৰ্বিআংলং সীমান্তৱৰ্তী চামগুৰিৰ কঠালগুৰিত নিতৌ অব্যাহত আছে বনৰীয়া হাতীৰ তীব্ৰ উপদ্ৰৱ। ওৰে নিশাৰ লগতে দিন দুপৰতো বন্যহস্তীয়ে তাণ্ডৱ চলাই ভাঙিলে মিজি গাঁৱৰ ৰংহাং প্ৰাথমিক বিদ্যালয়খনৰ কেইবাটাও কোঠাৰ লগতে অংগনৱাড়ী কেন্দ্ৰৰ দুটাকৈ গৃহ।
যোৱা নিশা বিদ্যালয়খনত সৃষ্টি হোৱা বন্যহস্তীৰ সন্ত্ৰাসৰ ফলত এতিয়া শিক্ষাগ্ৰহণৰপৰা বঞ্চিত হৈছে বিদ্যালয়খনৰ অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰী।