লিডুঃ উত্তৰ পূব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাৰ অন্তৰ্গত দুই শতাধিক স্থানীয় সুৰক্ষা কৰ্মীক ক’ল ইণ্ডিয়াৰ ঊৰ্ধ্বতন কতৃপক্ষই ষড়যন্ত্ৰমূলকভাৱে অব্যাহতি দিব বিচৰা কাৰ্যত জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন৷
আজি মাৰ্ঘেৰিটাত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে৷ সংগঠনকেইটাৰ যুটীয়া নেতৃত্বত প্ৰায় তিনি শতাধিক প্ৰতিবাদকাৰীয়ে ক’ল ইণ্ডিয়াৰ মুখ্য মহাপ্ৰৱন্ধক কাৰ্যলয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷