গুৱাহাটীঃ ৰাজপথৰপৰা বেলট যুদ্ধলৈ। খিলঞ্জিয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ প্ৰব্ৰজন বিৰোধী মঞ্চই ইমানদিনে কৰি অহা আন্দোলনে শাসক পক্ষৰ গা লৰাব নোৱাৰাত সংগঠনটো সাজু হৈছে নিৰ্বাচনী যুঁজলৈ।
খিলঞ্জীয়াৰ স্বাৰ্থত আগন্তুক লোকসভা নিৰ্বাচনত গুৱাহাটী সমষ্টিত প্ৰাৰ্থী দিব প্ৰব্ৰজন বিৰোধী মঞ্চই। এই কথা শুকুৰবাৰে সংবাদ মেল পাতি ঘোষণা কৰে প্ৰব্ৰজন বিৰোধী মঞ্চৰ উপমন্যু হাজৰিকা সদৰী কৰে। তেওঁ জানিবলৈ দিয়ে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত তেওঁ অংশগ্ৰহণ কৰিব।