47
নগাঁওঃ নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ উদ্যোগত ৰূপহী আৰক্ষী থানাৰ চৌহদৰ ৰূপহী থানা গাঁওৰক্ষী বাহিনীৰ কাৰ্যালয়ত শনিবাৰে এখন আইন সজাগতা সভা অনুষ্ঠিত কৰা হয়৷
বিয়লি ১ বজাৰপৰা অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰনিতা মৰাঙে৷ প্ৰকৃততে জিলা ন্যায় প্ৰাধিকাৰীনো কি আৰু ইয়াৰ দ্বাৰা সাধাৰণ ৰাইজ কি দৰে উপকৃত হ’ব পাৰে এই বিষয়ে সম্পাদিকা প্ৰনিতা মৰাঙে সভাত বিস্তৃত ৰূপত ব্যাখ্যা দাঙি ধৰে৷