Home দেশনিৰ্বাচনৰ সময়ত সুৰা নিষিদ্ধৰ দাবী উৰ্জা গুৰু আৰিহাণ্ট ঋষিৰ

নিৰ্বাচনৰ সময়ত সুৰা নিষিদ্ধৰ দাবী উৰ্জা গুৰু আৰিহাণ্ট ঋষিৰ

by News Desk
76 views
A+A-
Reset

ইন্দোৰঃ  এনাৰ্জী ফাউণ্ডেশ্যনৰ উদ্যোগত ২০১৯-ৰ ২৮ মাৰ্চত ‘নিৰ্বাচনৰ সময়ত সুৰাৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা’ শীৰ্ষক এক কাৰ্যসূচী কেফে ভাড়াজত অনুষ্ঠিত হয়। উৰ্জা গুৰু আৰিহাণ্ট ঋষিয়ে সাধাৰণ নিৰ্বাচনৰ সময়ত দেশজুৰি সুৰাপান আৰু সুৰা বিক্ৰীৰ ক্ষেত্ৰত সম্পূৰ্ণ নিষেধাজ্ঞাৰ দাবী জনায়। মহামানা আচাৰ্য সম্ৰাট কুশগ্ৰানান্দী জী মহাৰাজৰ প্ৰিয় শিষ্য উৰ্জা গুৰু আৰিহাণ্ট ঋষিয়ে১১ এপ্ৰিলৰপৰা ১৯ মে’লৈ ৭টা পৰ্যায়ত হ’বলগা দেশৰ লোকসভা নিৰ্বাচন আৰু অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, ওড়িষা আৰু চিকিমৰ বিধানসভা নিৰ্বাচনৰ সময়ত সুৰাৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰিবলৈ ভাৰতৰ মুখ্য নিৰ্বাচন বিষয়াক অনুৰোধ জনায়। আৰিহাণ্ট ঋষিয়ে বিশ্বাস কৰে যে, সুৰাপানে এগৰাকী ব্যক্তিৰ ব্যক্তিত্বৰ লগতে মানসিকতাতো প্ৰভাৱ পেলায়।

উৰ্জা গুৰু আৰিহাণ্টে সংবাদ মাধ্যমক উদ্দেশ্যি কয়, “সংবাদ মাধ্যমৰ জৰিয়তে প্ৰচাৰিত হৈছে যে ভোটৰ আশাত বিভিন্ন ৰাজনৈতিক দলে ভোটদাতাসকলক প্ৰৰোচিত কৰিছে আৰু দলৰ তুচ্ছ স্বাৰ্থৰ বাবে তেওঁলোকৰ মাজত ধন আৰু সুৰা বিতৰণ কৰিছে। এনেধৰণৰ কাৰ্যই সামাজিক বিশৃংখলাৰ সৃষ্টি কৰে, আৰু দেশখনৰ গণতান্ত্ৰিক পদ্ধতিক দুৰ্বল কৰি তোলে। গতিকে, দেশৰ গণতান্ত্ৰিক পদ্ধতিক বহনক্ষম কৰি ৰাখিবলৈ আৰু নিৰ্বাচনী প্ৰক্ৰিয়া সুচাৰুৰূপে চলাই নিবলৈ, ভোটদানৰ আগে আগে সাতদিনৰ বাবে দেশত সুৰাৰ বিক্ৰী সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাটো অতি জৰুৰী। ইয়াৰ বাবে, আমি ৰাজ্য প্ৰশাসনৰ লগতে নাগৰিকসকলৰ ফালৰপৰা ইতিবাচক সহযোগিতা আৰু সমৰ্থন আশা কৰিছোঁ।”

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0