ছাইদুল ইছলাম,ডিফুঃ আসন্ন লোকসভা নিৰ্বাচনত ৩নং স্বায়ত্ত শাসিত জিলাৰ ডিফু (জনজাতি) লোকসভা সমষ্টিৰ বাবে এজন দক্ষ আৰু যোগ্য প্ৰাৰ্থীক নিৰ্বাচিত কৰিবলৈ আহ্বান জনাইছে পিপুলচ পাৰ্টী চমুকৈ পিপিয়ে৷
কাৰ্বি আংলং আৰু ডিমাহাচাও জিলাৰ ৰাইজৰ আশা-আকাংক্ষা আৰু বিভিন্ন জলন্ত সমস্যা সমূহ সমাধান কৰা উদ্দেশ্যে জন্ম লোৱা আঞ্চলিক ৰাজনৈতিক দলটোৱে আসন্ন লোক সভা নিৰ্বাচনত তিনি পাৰ্বত্য জিলা ক্ৰমে, পুব আৰু পশ্চিম কাৰবি আংলং আৰু ডিমা হাচাও জিলাৰ কমন ইছ্যু ২৪৪(ক)ক লৈ যাতে ৰাইজৰ মাজত বিভাজন আহিব নোৱাৰে তাৰ বাবে আঞ্চলিক ৰাজনৈতিক দল পিপিয়ে এইবাৰ লোক সভা নিৰ্বাচনত নিজৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাই বুলি জনাইছে ৷