Home ৰাজ্যহাতী-মানুহৰ সংঘাত পশ্চিম কাৰ্বি আংলঙত

হাতী-মানুহৰ সংঘাত পশ্চিম কাৰ্বি আংলঙত

by News Desk
95 views
A+A-
Reset

খেৰণিঃ হাতী-মানুহৰ সংঘাত পশ্চিম কাৰ্বি আংলঙত। খেৰণি বনাঞ্চলিক কাৰ্য্যালয়ৰ অন্তৰ্গত দিখলেমপুৰ গাঁওত বনৰীয়া হাতীৰ তাণ্ডৱ। নিশা বনৰীয়া হাতীৰ এটা জাকে উক্ত গাঁওখনত প্ৰৱেশ কৰি গাঁওখনৰ বসন্ত বিশ্বাস, প্ৰমিলা বিশ্বাস, শানুলাল বিশ্বাস আৰু সুশান্ত বিশ্বাসৰ নামৰ পৰিয়াল কেইটাৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে। 

ইয়াৰ উপৰিও উল্লেখিত কৃষক পৰিয়াল কেইটাই মজুত ৰখা চাফা মিঠৈৰ (গুৰ) টিন, অন্যান্য খাদ্য সামগ্ৰী আদি নষ্ট কৰাৰ বিপৰীতে খাই তহিলং কৰে। লগতে বাসগৃহত থকা আচবাব আদিও ভাঙি নষ্ট কৰে গাওঁখনত প্ৰৱেশ কৰা হাতীৰ জাকটোয়ে। আৰু এনেদৰে নিশা বনৰীয়া হাতীৰ আক্ৰমণত চাৰিটাকৈ পৰিয়াল গৃহহাৰা হৈ পৰে। ইফালে ঘটনাৰ পিছতে ভুক্তভোগী পৰিয়ালৰ সদস্যই ক্ষতিপূৰণৰ কাতৰ অনুৰোধ জনাইছে বিভাগীয় কৰ্তৃপক্ষৰ লগতে চৰকাৰক।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0